আৰক্ষীৰ জালত চোৰাং গৰু সৰবৰাহকাৰী

74

শিৱসাগৰ আৰক্ষীয়ে প্ৰায় এমাহ পলাতক অৱস্থাত থকা এটা কুখ্যাত গো-মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় | এতিয়া মনোজ হাজৰিকাৰ খঙীয়াস্থ হালোৱা চুকৰ বাসগৃহত আৰক্ষীৰ অতৰ্কিত অভিযান | ডিব্ৰুগড় চিলাপথাৰ আৰু শিৱসাগৰ ৰাজমাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায়ে বহিঃৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ কৰিছে গো-মাফিয়া চক্ৰই |

ডিমৌৰ উদয়পুৰ, শিৱসাগৰৰ দিচাংমুখ, ৰিৰিয়া আৰু বাগল হৈছে চোৰাং গৰু গোপন সৰবৰাহৰ মুখ্য কৰিড’ৰ |আনহাতে আৰক্ষীয়ে দাবী কৰা অনুসৰি আটকাধীন অভিযুক্তৰ বিৰুদ্ধে গোচৰ নং 14/2024 ভাৰতীয় দণ্ডবিধি 379/420/34 IPC আৰু অসম অৱকাৰী আইনৰ 1910ৰ অধীনত RW 53-1(A) ধাৰাত গোচৰ ৰুজু হৈ আছিল |

আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ সৈতে আৰু কোন কোন জড়িত আছে তথা ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ পোষকতা কৰা হৈছে |