গাৰ্গী দাসলৈ ৰাষ্ট্ৰীয় প্ৰতিভাসন্ধানী জলপাণি

65

শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ শংকৰদেৱ কলা মহাবিদ্যালয়ৰ ছাত্ৰী গাৰ্গী দাসে ২০২৩-২৪  বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ  Centre for cultural Resources and Training , New Delhi (CCRT) ৰ দ্বাৰা  সত্ৰীয়া নৃত্যত ৰাষ্ট্ৰীয় প্ৰতিভাসন্ধানী জলপাণি (National Talent Search Scholarship) লাভ কৰিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি গাৰ্গী দাসে সোনজিৎ দাসৰ তত্ত্বাবধানত সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰি আছে ৷