ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা  হৈছে হুইটলে গ’ল্ড এৱাৰ্ড

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰ গুৰি ধৰা এগৰাকী নিষ্ঠাবান মহিলাৰ শক্তিক পুনৰ উজলাই আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক “সেউজ অস্কাৰ” খ্যাত “ হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪” প্ৰদান কৰা হৈছে। অসমত স্থানীয়ভাবে হাড়গিলা হিচপে পৰিচিত বিশ্বৰ অন্যতম বিৰলতম বৰটোকোলা বিধৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অক্লান্ত কৰ্মৰ স্বীকৃতি স্বৰুপে বৰ্মনলৈ এই বটাঁ আগবঢ়োৱা হৈছে । জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিক বিশ্ব পৰ্যায়ত উজলাই তোলা এই স্বীকৃতি কেৱল ড° বৰ্মনৰ বাবেই নহয়, অসম তথা দেশৰ বাকী অংশৰ বাবেও এক উল্লেখযোগ্য কৃতিত্ব।

এই স্বীকৃতিত আপ্লুত  ড° পূৰ্ণিমা দেৱী বৰ্মনে কয় যে এই বঁটাই স্থানীয় সমুদায়ৰ সমৰ্থনেৰে হাড়গিলাক সুৰক্ষা দিয়াৰ তেওঁৰ সংকল্পক অধিক শক্তি যোগাব ।শুকুৰবাৰে লণ্ডনত ভাৰতৰ উচ্চায়ুক্তই সম্বৰ্ধনা জনোৱা ড° বৰ্মনে কয়, “এই বঁটাটো প্ৰকৃততে সমাজৰ সেইসকল মহিলাসকলৰ বাবে,  যিসকলে মোক এতিয়ালৈকে মোৰ এই যাত্ৰাত শক্তিৰ উৎস হিচাপে ঠিয় দি আহিছে। আমি নিষ্ঠা আৰু দায়বদ্ধতাৰে কেনেকৈ সংৰক্ষণৰ প্ৰচেষ্টাৰ গুৰি ধৰিব পাৰোঁ,  এয়া দেশৰ মহিলাসকলৰ পৰা বিশ্বলৈ তাৰ এক বাৰ্তা”।

কামৰূপ জিলাৰ দদৰা-পচৰিয়াৰত থকা তেওঁৰ মূল সংৰক্ষণ প্ৰকল্প স্থানৰ মহিলাসকলক সংগঠিতকৰণৰ জৰিয়তে এই বিৰল প্ৰজাতিটোৰ সংৰক্ষণত স্থানীয় মহিলাসকলক স্থায়ীভাবে জড়িত কৰাৰ ড° বৰ্মনৰ এই প্ৰশংসনীয় প্ৰচেষ্টাই বিশ্বজুৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *