বহুমূলীয়া প্লেটিনাম গহণাৰে উপভোগ কৰক এইবাৰৰ পইলা বৈশাখ

পইলা বৈশাখ মানেই হৈছে বংগৰ সাংস্কৃতিক ঐতিহ্যৰ জীৱন্ত উদযাপন, পইলা বৈশাখ মানেই হৈছে পৰম্পৰাগত সংগীত, নৃত্য পৰিবেশন আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শন। পইলা বৈশাখৰ উদযাপনৰ এই ক্ষণত প্লেটিনাম হৈ পৰিছে সকলোৰে মাজত চেনেহ আৰু চিৰসেউজ সৌন্দৰ্যক মূৰ্ত কৰি অঞ্চলটোৰ সৈতে জড়িত সাংস্কৃতিক প্ৰাণোচ্ছলতা আৰু পৰিশোধিত ৰুচিৰ এক নিখুঁত পৰিপূৰক।

প্লেটিনামৰ আকৰ্ষণৰ মূলতে হৈছে প্লেটিনামৰ ব্যতিক্ৰমী বিশুদ্ধতা, যিয়ে আকৰ্ষণীয় ৯৫% বিশুদ্ধতা প্ৰদান কৰে গ্ৰাহকসকলক। এই আকৰ্ষণীয় বৈশিষ্ট্যই প্লেটিনামৰ নান্দনিক আকৰ্ষণক উন্নীত কৰাই নহয় লগতে স্থায়ী প্ৰেম আৰু দায়বদ্ধতা-স্বাচ্ছন্দ্যৰ প্ৰতীক হিচাপেও মৰ্যাদাসহকাৰে প্ৰতিফলিত কৰে। নান্দনিক ৰূপত জটিলভাৱে ডিজাইন কৰা লকেটৰ আকাৰত হওক অথবা আঙঠি বা ব্ৰেচলেটৰ ৰূপতে হওক প্লেটিনামৰ গহণাই বিশেষ আৱেগ প্ৰকাশৰ সোপান হিচাপে বিবেচিত হৈ আহিছে, যাৰ ফলত পইলা বৈশাখৰ এই ক্ষণত স্থায়ী অনুভূতি প্ৰদানৰ বাবে উপহাৰ দিব বিচৰাসকলৰ বাবে ই সৰ্বাধিক পছন্দ হৈ পৰিছে। প্লেটিনাম গিল্ড ইণ্টাৰনেচনেল-ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বৈশালী বেনাৰ্জীয়ে পইলা বৈশাখৰ প্ৰসংগত প্লেটিনামৰ প্ৰাসংগিকতা সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “আমি সকলোকে আনন্দময়, চিৰসেউজ আৰু অৰ্থপূৰ্ণ পইলা বৈশাখৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু সমৃদ্ধি আৰু সফলতাৰে ভৰা নতুন বছৰৰ কামনা কৰিছো।”

চেংকো গোল্ড এণ্ড ডায়মণ্ডছৰ এমডি আৰু চেংকো গোল্ড এণ্ড ডায়মণ্ডছৰ চিইঅ’ শুভংকৰ সেনে পুৰুষ আৰু মহিলা উভয়ৰে বাবে বিভিন্ন ধৰণৰ প্লেটিনাম গহণাৰ ওপৰত বিশেষভাৱে জোৰ দিছে যিসমূহ গহণা হৈছে বঙালী সাংস্কৃতিক উৎসৱ পইলা বৈশাখ উদযাপনৰ সৈতে নিবিড়ভাৱে সংৰেখিত।  চেংকো গোল্ডৰ ডাইৰেক্টৰ মিতেশ খিমজীৰ নেতৃত্বত খিমজী জুৱেলাৰ্ছে উদযাপন আৰু উপহাৰৰ বাবে প্লেটিনামক এক জনপ্ৰিয় পছন্দ হিচাপে গ্ৰাহকৰ বাবে নতুন ৰূপত আগবঢ়াইছে। কোম্পানীটোৱে অনন্য ডিজাইন আৰু উচ্চ-মানদণ্ডৰ কাৰুশিল্প প্ৰদান কৰি গ্ৰাহকলৈ বিচিত্ৰ আৰু অপৰূপ বিকল্প মুকলি কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *