মাত্ৰ এটা ইউআই ৬.১ আপডেটতে গেলেক্সি ডিভাইচত লাভ কৰিব গেলেক্সি এআইৰ সুবিধা

মোবাইল এআই প্ৰযুক্তিক অধিক সুলভ আৰু সহজ কৰি তোলাৰ লক্ষ্যৰে ৱান ইউআই ৬.১ আপডেটৰ জৰিয়তে অধিক ডিভাইচত গেলাক্সি এআইৰ সুবিধাসমূহ আগবঢ়াইছে চেমচাং ইলেক্ট্ৰনিকছে। মাৰ্চ মাহৰ শেষৰ পৰা আৰম্ভ হ’বলগীয়া এই আপডেটৰ জৰিয়তে সমগ্ৰ গেলেক্সি এছ ২৩ ছিৰিজ, এছ ২৩ এফ ই, জেড ফল্ড৫, জেড ফ্লিপ৫ আৰু টেব এছ ৯ ছিৰিজত অত্যাধুনিক সুবিধাসমূহ উপলব্ধ হ’ব। শেহতীয়াকৈ মুকলি কৰা গেলেক্সি এছ২৪ ছিৰিজৰ সৈতে সংগতি ৰাখি এই আপডেটে ব্যৱহাৰকাৰীৰ মোবাইল এআই অভিজ্ঞতাৰ মানদণ্ডক হাইব্ৰিড পদ্ধতিৰ জৰিয়তে উন্নীত কৰিব, যিয়ে অন-ডিভাইচ আৰু ক্লাউড-ভিত্তিক এআইৰ সংমিশ্ৰণ ঘটাই একত্ৰিত কৰিছে।

গেলেক্সি ব্যৱহাৰ কৰা গ্ৰাহকসকলে এতিয়া এআই সমৰ্থিত মডেলৰ জৰিয়তে যোগাযোগ বৃদ্ধি কৰিব পাৰে আৰু মুহূৰ্ততে এআইৰ আকৰ্ষণীয় সুযোগ-সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব। য’ত আছে চেট এচিষ্ট, যিয়ে ব্যৱহাৰকাৰীক বাৰ্তা(যিকোনো কথা)ৰ টোন সামঞ্জস্যৰে দেশৰ ১৩টা ভাষালৈ বাৰ্তা অনুবাদ কৰাৰ সুবিধা কৰি দিছে। ব্যৱহাৰকাৰীসকলে লাইভ ট্ৰেন্সলেটৰৰ জৰিয়তে বাস্তৱ সময়ৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ উপভোগ কৰিব পাৰে। আনহাতে, এক বিভক্ত-স্ক্ৰীনৰ সুবিধা ব্যৱহাৰ কৰি ফোনটোৱে গ্ৰাহকৰ ফোন কলৰ বাবে ভইচ আৰু টেক্সট অনুবাদৰ সুবিধাও প্ৰদান কৰে আৰু ইণ্টাৰপ্ৰিটাৰ(দোভাষী)ৰ জৰিয়তে ভ্ৰমণ বা ফুৰিবলৈ যোৱাৰ সময়ত স্থানীয় মানুহৰ সৈতে স্বতঃস্ফূৰ্তভাৱে কথোপকথনৰ  সুযোগ দিয়ে।

গেলেক্সি এআই ইণ্টিগ্ৰেচনে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা আৰু দৈনন্দিন কামত দক্ষতা উন্নীত কৰে। এই অগ্ৰগতিৰ বিষয়ে চেমচাং ইলেক্ট্ৰনিক্সৰ অধ্যক্ষ তথা মোবাইল অভিজ্ঞতা ব্যৱসায় বিভাগৰ মুৰব্বী টি এম ৰোহে দৃঢ়তাৰে কয় যে, “গেলাক্সি এআইৰ এয়া মাত্ৰ আৰম্ভণিহে, কিয়নো আমি ২০২৪ চনৰ ভিতৰতে এই অভিজ্ঞতাক ১০০ মিলিয়নতকৈ অধিক গেলেক্সি ব্যৱহাৰকাৰীলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছো আৰু মোবাইল এআইৰ আহি থকা দিনৰ সীমাহীন সম্ভাৱনাসমূহ ব্যৱহাৰ কৰাৰ উপায় উদ্ভাৱন কৰি যাম।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *