জম্মুলৈ অত্যাধুনিক আল্ট্ৰা ইভি শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছ যোগান কৰাৰ কথা ঘোষণা  টাটা মটৰ্ছৰ

টাটা মটৰ্ছে জম্মু স্মাৰ্ট চিটী লিমিটেডলৈ আল্ট্ৰা ইভি শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছ যোগান ধৰিছে, যাৰ লক্ষ্য হৈছে চহৰখনৰ পৰিৱেশৰ প্ৰতি বহনক্ষম ৰাজহুৱা পৰিবহণ ব্যৱস্থা স্থাপন কৰা। উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতত নিৰ্মাণ কৰা এই বাছবোৰত উন্নত সুবিধা আছে আৰু ই অত্যাধুনিক বৈদ্যুতিক শক্তি প্ৰণালীৰ দ্বাৰা চালিত। এই বাছৰ যোগান জম্মু আৰু শ্ৰীনগৰ স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ১২ বছৰলৈ শ্ৰীনগৰত ১০০খন আৰু জম্মুত ১০০খন ইলেক্ট্ৰিক বাছ যোগান, ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ বৃহত্তৰ অৰ্ডাৰৰ অংশ। এই বাছসমূহ সুৰক্ষা, আৰাম আৰু সুবিধাজনকভাৱে ডিজাইন কৰা হৈছে, যিয়ে নিৰ্ভৰযোগ্য আৰু শূন্য নিৰ্গমন যাতায়তৰ সমাধান প্ৰদান কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় গধুৰ উদ্যোগ বিভাগৰ মন্ত্ৰী ড° মহেন্দ্ৰনাথ পাণ্ডে আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বাছখন উদ্বোধন কৰে। এই উপলক্ষে নিজৰ অভিমত প্ৰকাশ কৰি জম্মু স্মাৰ্ট চিটী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাহুল যাদৱে(আইএএছ) কয় যে, “টাটা মটৰ্ছৰ বৈদ্যুতিক বাছখনৰ শুভাৰম্ভণি কৰাটো জম্মু স্মাৰ্ট চিটীৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস আৰু সাধাৰণ নাগৰিকৰ জীৱনৰ মান উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখে ৷”

টাটা মটৰ্ছে ভাৰতত ১,৫০০ৰো অধিক ইলেক্ট্ৰিক বাছ সফলতাৰে ডেলিভাৰী কৰিছে, য’ত ইতিমধ্যে ১০ কোটি কিলোমিটাৰতকৈ অধিক যাত্ৰা আৰু ৯৫% আপটাইম হৈছে। টাটা আল্ট্ৰা ইভিয়ে নিজৰ সম্পূৰ্ণ বৈদ্যুতিক পাৱাৰট্ৰেইনৰ জৰিয়তে নগৰীয়া যাতায়তলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *