পাটকাই পাহাৰৰ অবৈধ কয়লা খনিত পুনৰ মৃত্যু দুই শ্ৰমিকৰ…

মৃত্যু উপত্যকালৈ পৰিণত হোৱা পাটকাই পাহাৰত পুনৰ সংঘটিত হ’ল এক শোকাবহ ঘটনা। তিনিচুকীয়া জিলাৰ লিডু-মাৰ্ঘেৰিটা অঞ্চলত অবৈধ কয়লা খনিত কয়লা খননৰ সময়তে মৃত্যুক আকোৱালি লয় দুজন শ্ৰমিকে। এই ঘটনাত আহত হয় আন এজন শ্ৰমিক।

লেখাপানীৰ টিপং কলিয়াৰী চলি অঞ্চলৰ ১২ নম্বৰ স্থানত অৱস্থিত অবৈধ কয়লা খনিৰ পৰিসীমাৰ ভিতৰতে মঙলবাৰে সংঘটিত হয় এই ঘটনা। খনিটোৰ মালিক বিক্ৰম আৰু জনৈক জয়ছৱাল বুলি চিনাক্ত কৰা হৈছে।

কয়লা খনিৰ ভিতৰত বিষাক্ত গেছৰ ফলতেই শ্ৰমিক দুজনৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। আনহাতে আনহত শ্ৰমিকজনৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *