বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিনা সদনত মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি অধিগ্ৰহণৰ বিষয় আলোচনা কৰিবলৈ অধ্যক্ষই অনুমতি প্ৰদান নকৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী দলে ৱাক আউট কৰে।
ইয়াৰ পিছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে শ্লোগান দি সদনৰ মজিয়া উত্তাল কৰি তোলে বিৰোধীয়ে।
ইফালে, এই বিষয়ক লৈ বিৰোধীয়ে প্ৰতিবাদ কৰি সদনৰ পৰা ৱাক আউট কৰাৰ সিদ্ধান্ত লোৱাত অধ্যক্ষই ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখে।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই নগাঁৱৰ কলিয়াবৰত অবৈধভাৱে প্ৰায় এশ বিঘা মাটি ক্ৰয় কৰাৰ লগতে ফুড প্ৰচেছিং ইউনিট স্থাপনৰ বাবে চৰকাৰৰ পৰা ১০ কোটি টকা ৰাজসাহায্য লাভৰ তথ্য দ্য ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত পোহৰলৈ আহিছিল।
পূৰ্বেও ভূমি অধিগ্ৰহণৰ অভিযোগত নাম সাঙোৰ খাই পৰা মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিদৰে চৰকাৰৰ পৰা ৰাজসাহায্য লাভ কৰিবলৈ আৰু অবৈধভাৱে মাটি ক্ৰয় কৰিবলৈ সক্ষম হ’ল তাক লৈ বিৰোধীয়ে তদন্তৰ দাবী উত্থাপন কৰি আহিছে।