তিলকনগৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ টাইটেল স্পনছৰ ৰূপে সহযোগিতাৰ কথা সদৰি কৰিছে। এই ঘোষণাৰ লগে লগে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ নামেৰে জনাজাত হ’ব। এই ফ্ৰেঞ্চাইজিভিত্তিক টি-২০ প্ৰতিযোগিতাখন ২০২৬ চনৰ ১ আগষ্টৰ পৰা ২৩ আগষ্টলৈকে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
অসম ক্ৰিকেট সন্থাই আয়োজন কৰা এই লীগত ৮টা ফ্ৰেঞ্চাইজি দলে অংশগ্ৰহণ কৰিব আৰু মুঠ ৪৩খন মেচ খেলা হ’ব, যিয়ে অসমৰ ক্ৰিকেট প্ৰতিভাক প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব। দৈনিক দুখনকৈ মেচ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ মূল লক্ষ্য হৈছে উদীয়মান খেলুৱৈসকলক এক প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰা আৰু বিচিচিআইৰ ঘৰুৱা ক্ৰিকেটলৈ যোৱা বা সুযোগ লাভৰ পথ সুগম কৰা। “আমাৰ অসম, আমাৰ গৌৰৱ” মূল মন্ত্ৰক সাৰোগত কৰি এই লীগে ৰাজ্যখনৰ ক্ৰিকেট পৰিৱেশতন্ত্ৰক অধিক শক্তিশালী কৰিবলৈ প্ৰয়াস কৰিছে।
টাইটেল স্পনছৰ হিচাপে সমগ্ৰ প্ৰতিযোগিতাখনত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰে ব্যাপক ব্ৰেণ্ডিং দৃশ্যমানতা লাভ কৰিব। তিলকনগৰ ইণ্ডাষ্ট্ৰীজৰ মুখ্য বিপণন বিষয়া আহমেদ ৰহিমতুলাই এই বিষয়ে কয় যে, এই অংশীদাৰিত্বই ক্ৰিকেটৰ জৰিয়তে গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া সংস্কৃতি আৰু আঞ্চলিক গৌৰৱ উদযাপনৰ প্ৰতি থকা ব্ৰেণ্ডটোৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।
যোৱা ২১ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ট্ৰফী, ল’গ’ আৰু দলসমূহৰ পৰিচয় উন্মোচন কৰি অসম প্ৰিমিয়াৰ লীগৰ শুভ উদ্বোধন কৰিছিল। ইয়াৰ পিছত ১৯ জুলাইত অনুষ্ঠিত হোৱা খেলুৱৈৰ নিলামত ৮টা ফ্ৰেঞ্চাইজি দলে বিচিচিআইৰ বিভিন্ন প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা ২০ গৰাকী তাৰকা খেলুৱৈসহ মুঠ ২৭৫ গৰাকী ক্ৰিকেটাৰৰ তালিকাৰ পৰা বাচকবনীয়া খেলুৱৈৰে নিজ নিজ দল গঠন কৰে।
এই টাইটেল স্পনছৰশ্বিপে প্ৰথম সংস্কৰণৰ লীগৰ বাণিজ্যিক মৰ্যাদা বৃদ্ধি কৰাৰ লগতে গুৱাহাটী মহানগৰীত গ্ৰাহকৰ আকৰ্ষণ আৰু সঁহাৰি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই ৩ সপ্তাহীয়া ক্ৰীড়া মহোৎসৱে খেলপথাৰত প্ৰচাৰ, খুচুৰা সক্ৰিয়তা আৰু অনুৰাগীৰ অংশগ্ৰহণৰ জৰিয়তে ব্ৰেণ্ডেড সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ সমান্তৰালভাৱে ই স্থানীয় আতিথ্য, পৰিবহণ আৰু ক্ষুদ্ৰ ব্যৱসায়সমূহক লাভান্বিত কৰিব।
ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰে প্ৰথম অসম প্ৰিমিয়াৰ লীগৰ টাইটেল স্পনছৰশ্বিপৰ জৰিয়তে অসমত অধিক শক্তিশালী কৰি তুলিছে নিজৰ ব্যৱসায়িক স্থিতি
