এমজি মটৰ্চ ইণ্ডিয়াই মুকলি কৰিছে এডিএএছৰ সৈতে এক উন্নত জেডএছ ইভি

বৈধ সীমিত সময়ৰ বাবে এম জি মটৰ্চ ইণ্ডিয়াই ২৭.৮৯ লাখ টকাৰ অটোন’মাছ লেভেল-২ (এডিএএছ)ৰ সৈতে জেড এছ ইভিৰ বৰ্ধিত ভেৰিয়েণ্ট মুকলি কৰিছে। অটোন’মাছ লেভেল-২ প্ৰযুক্তিয়ে বিভিন্ন ড্ৰাইভিং পৰিস্থিতিত সমৰ্থন, নিয়ন্ত্ৰণ আৰু আৰাম প্ৰদান কৰি গাড়ী চলোৱাৰ অভিজ্ঞতাক নতুন মাত্ৰা প্ৰদান কৰে। মুঠ ১৭টা চেন্সিটিভিটি লেভেল আৰু তিনিটা ৱাৰ্নিং লেভেলৰ সৈতে এই এছইউভিখনে ছিংগল চাৰ্জত ৪৬১ কিলোমিটাৰ ৰেঞ্জ প্ৰদান কৰে।

ইয়াত শ্ৰেষ্ঠ ১৭৬পিএছ পাৱাৰৰ সৈতে ৫০.৩কেডব্লিউএইছ বেটাৰী, চাৰ্টিফাইড চেফটি সুবিধা, ফাৰ্ষ্ট ছেগমেণ্ট ডুৱেল-পেন পেনোৰামিক স্কাই ৰুফ আৰু পিছফালৰ এচি ভেণ্ট, ৭৫+ সংযুক্ত গাড়ী বৈশিষ্ট্যৰ সৈতে আইস্মাৰ্ট, ১৭.৭৮ চে.মি ক্লাষ্টাৰ, এটা ২৫.৭ চে.মি. এইচডি টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম আৰু অতুলনীয় ৰেঞ্জৰ বাবে প্ৰিজমেটিক বেটাৰী প্ৰযুক্তি প্ৰদান কৰা হৈছে।

জেডএছ ইভি তিনিটা প্ৰকাৰত উপলব্ধ: এক্সচাইট, এক্সক্লুছিভ আৰু এক্সক্লুছিভ প্ৰ’। গ্ৰাহকক ৮ বছৰৰ বেটাৰী ৱাৰেণ্টি প্ৰদান কৰা হয়। বাহনখনত ভিউ কেমেৰাৰ চাৰিওফালে ১ষ্টিন-চেগমেণ্ট ৩৬০ ডিগ্ৰী, পিছফালৰ পাৰ্কিং চেন্সৰ, হিল ডিচেণ্ট কনট্ৰল, ৬টা এয়াৰবেগ, ইলেক্ট্ৰনিক ষ্টেবিলিটি নিয়ন্ত্ৰণ, টায়াৰ প্ৰেচাৰ মনিটৰিং চিষ্টেম আৰু হিল-ষ্টাৰ্ট সমৰ্থনো প্ৰদান কৰা হৈছে। জেডএছ ইভিত ৮টা স্তৰৰ হেয়াৰপিন মটৰ, ১৭৬পিএছ পাৱাৰ আৰু তিনিটা ড্ৰাইভিং মুড সুবিধা দিয়া হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *