মৰিগাঁও জিলাত এজন কনিষ্টবলৰ পৰা ৰাইফল কাঢ়ি পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত আহত এটা কুখ্যাত ড্ৰাগছ মাফিয়া।
সূত্ৰ অনুসৰি বিশেষ টাস্ক ফ’ৰ্চে (এছটিএফ) এ এছ০১ বিএল ২২১১ নম্বৰৰ এখন হোণ্ডা চিটি বাহন আটক কৰি বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছিল। মঙলবাৰে নিশা প্ৰায় ২ বজাত সোণাপুৰ টোলগেটত চলিছিল এই অভিযান। জব্দৰ সৈতে জড়িত এজন কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰে আৰক্ষীয়ে।
মফিজুল হক নামৰ মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত এছটিএফ আৰু মৰিগাঁও আৰক্ষীয়ে ধৰমতুল থানাৰ অধীনস্থ বৰবাৰীত যৌথ অভিযান চলাই অধিক পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে।
অভিযানৰ সময়ত মফিজুলে সেই স্থানত উপস্থিত থকা এজন কনিষ্টবলৰ পৰা AK47 ৰাইফল কাঢ়ি লৈ আৰক্ষীৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলিচালনা কৰিবলৈ বাধ্য হয়।
গুলীচালনাত মফিজুলৰ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক মৰিগাঁৱৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
ইফালে অভিযুক্তই ৰাইফল কাঢ়ি লোৱা ইন্দ্ৰজিৎ গগৈ নামৰ কনিষ্টবলজনো আহত হয়।