ভূটানৰ পানীয়ে নমাইছে দুৰ্যোগ

ভূটানৰ পানীয়ে নমাইছে দুৰ্যোগ নিৰাপদ স্থানত আশ্ৰয় বানাক্ৰান্তৰ।ভূটান ৰাষ্ট্ৰৰ পৰা নামি অহা পানীৰ ফলত চিৰাং জিলা বিজনী ৰাজহ চক্ৰ অন্তৰ্গত ১নং শিশুবাৰী ২নং শিশুবাৰী ৩নং শিশুবাৰী মাজৰাবাৰীত বৃহত্তৰ অঞ্চল আজি পুৱাৰে পৰা প্লাৱিত হৈ পৰিছে ৷ ঠাইৱে ঠাইৱে যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ খবৰ আহিছে ৷ বিগত কিছু দিনৰ পৰা ভূটানত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত
ভূটানৰ পৰা নামি অহা লালাই নদীৰ ভূটানৰ অংশৰ মথাউৰি চিঙি যোৱাৰ লগতে সম্প্ৰতি চিৰাং জিলাৰ
বহু অঞ্চলত বানপানীৰ সৃষ্টি হৈছে ৷ ৷ বহু পৰিয়ালৰ বাস গৃহত পানী সোমোৱাৰ ফলত নিৰাপদ স্থানত আশ্ৰয় ল’বলগীয়া হৈছে ৷ অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে জিলা প্ৰশাসনৰ সহায় বিচাৰিছে ৷
ইপিনে আজিৰে পৰা ভূটানৰ পৰা নামনিলৈ বৈ অহা কেবাখনো নৈ – উপনৈ সমূহত জলপৃষ্ট বৃদ্ধি পাই থকাৰ বাতৰি আহিছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *