মৈৰাবাৰীত অনুজ্ঞাপত্ৰবিহীন চালকৰ দৌৰাত্ম

মৈৰাবাৰীত অনুজ্ঞাপত্ৰবিহীন চালকৰ দৌৰাত্ম। বাইক আৰু অ’টৰ মুখামুখি সংঘৰ্ষত আহত তিনিজন।
মৈৰাবাৰীত সংগঠিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন AS 02 A -D3827 নম্বৰৰ স্পেণ্ডাৰ বাইক আৰু
এখন AS 21C -2543 নম্বৰৰ অ’টৰ মুখামুখি সংঘৰ্ষত দুৰ্ঘটনাটো সংগঠিত হয়।
দুৰ্ঘটনাটোত সগুণবাহী গাঁৱৰ দুজনকৈ বৃদ্ধ গুৰুতৰ বাবে আহত হয়।
গুৰুতৰ বাবে আহত বৃদ্ধ দুজন ক্ৰমে- আহত হোৱা ব্যক্তি-চাইফুল ইছলাম, আৰু
নুৰিছলাম ।

আনহাতে বাইক চালক যুৱক জন গৰুখুটি গাঁৱৰ ফাৰিছ আহমেদ বুলি জানিব পৰা গৈছে।

আহত বাইক চালকৰ লগতে গুৰুতৰ বাবে আহত তিনিওজনকে মৈৰাবাৰী চিকিৎসালয়লৈ অনা হয় যদিও নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *