গোৰেশ্বৰত ABSU ৰ লগতে দহটা সংগঠনৰ ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

গোৰেশ্বৰত ABSU ৰ লগতে দহটা সংগঠনৰ ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী।
দৰং লোকসভা সমষ্টি সলনি কৰি ওদালগুৰি লোক সভা সমষ্টি আৰু
বিটিআৰ ষষ্ঠ অনুসূচীত পৃথক লোক সভা সমষ্টি গঠনৰ দাবীত গোৰেশ্বৰত এবছুসহ দহটা সংগঠনৰ ধৰ্ণা।বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এবছু,বড়ো সাহিত্য সভা,সদৌ ৰাভা ছাত্ৰ সন্থা আদিকে ধৰি ১০টাসংগঠনৰ সমন্বয়ৰক্ষী কমিটি ওদালগুৰি লোক সভা সমষ্টি গঠনৰ দাবী সমিতিৰ উদ্যোগত আজি দৰং লোক সভা সমষ্টিৰ পৰিবৰ্তে ওদালগুৰি লোক সভা সমষ্টি হিচাবে গঠন কৰা আৰু বিটিআৰ ষষ্ঠ অনুসূচীত পৃথক লোক সভা সমষ্টি গঠন কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ইয়াকে ধৰি তিনিটা দাবীৰ সমৰ্থনত দুঘণ্টা ধৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ অন্তত গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতীয় নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি We want justice, No justice no race, আমাৰ দাবী মানিবলৈ লাগিব, ইনক্লাৱ জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে কপাই তোলে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদ।
এই দাবী সমাধান নকৰিলে ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি সকিয়াই দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *