লিডুত টিৰাপ মুক্ত কয়লা খনন প্ৰকল্পৰ পুনৰায় উজ্জিৱিত কৰাৰ বাবে লোক শুনানি

লিডুত টিৰাপ মুক্ত কয়লা খনন প্ৰকল্পৰ পুনৰায় উজ্জিৱিত কৰাৰ বাবে লোক শুনানি।
আজি লিডুত টিৰাপ মুক্ত কয়লা খনন প্ৰকল্পৰ পুনৰায় উজ্জিৱিত কৰাৰ বাবে পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ পৰা পৰিৱেশ অনুমোদন প্ৰাপ্ত কৰাৰ বাবে লিডু কলিয়ৰী গাঁও পঞ্চায়েতৰ কাৰ্যালয় চৌহদত অসম প্ৰদুষন নিয়ন্ত্ৰন পৰিষদে এখনি লোক শুনানি কাৰ্যসুচীৰ আয়োজন কৰে। এই কাৰ্যসুচীত অসম প্ৰদুষন নিয়ন্ত্ৰন পৰিষদৰ ডিব্ৰুগড় শাখাৰ অভিযন্তা ধিৰেণ পেগু লগতে তিনিচুকীয়া জিলা অতিৰিক্ত উপাযুক্ত পঙ্কজ নাগবংশী, উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মুখ্য মহা প্ৰবন্ধক এস.পি. দত্ত উপস্থিত থাকে।
আজি এই লোক শুনানি অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন দল সংঘটনটোৰ লগতে প্ৰায় সহশ্ৰাধিক ৰাইজে উপস্থিত হৈ দাবী উত্থাপন কৰি উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাৰ এই কয়লা উদ্যোগটো জনগনৰ স্বাৰ্থত পূনৰায় কাৰ্যক্ষম কৰিবলৈ চৰকাৰক আহ্বান জনায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *