লাহৰীঘাটৰ ভূৰাগাঁৱৰ কুপতিমাৰী আৰু বালিডোংগাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে খহনীয়াত জাহ গৈছে বহুলোকৰ ঘৰ-বাৰী চৰকাৰী বিদ্যালয়, আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। জলসম্পদ বিভাগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাহঁ আৰু জিঅ বেগৰ কাম অব্যাহত ৰাখিছে।