মঙ্গলদৈত আম আদমী পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী



মঙ্গলদৈত আম আদমী পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী।

মঙ্গলদৈৰ এপিডিচিএলৰ সন্মুখত আম আদমী পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।বিভিন্ন প্ৰতিবাদেৰে প্ৰতিবাদস্থলী উত্তেজিত হয় পৰে।উল্লেখযোগ্য যে এই প্ৰতিবাদী কাৰ্যসূচীত
আৰক্ষীয়ে বাধা প্ৰদান কৰা পৰিলক্ষিত হয়।

অসমৰ বিভিন্ন স্হানৰ লগতে আজি আম আদমী পাৰ্টিয়ে এপিচিডিএলৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰি পেইড স্মাৰ্ট মিটাৰ বন্ধ কৰা ,অসম চৰকাৰ মুৰ্দাবাদ,বৰ্ধিত বিদ্যুত মাছুল হ্ৰাস কৰা ,বিদ্যুত যোগান নিয়মীয়া কৰাৰ দাবীত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এখনি স্মাৰকপত্ৰ বিদ্যুত বিভাগৰ বিষয়াৰ হাতত অৰ্পণ কৰে ৷

উল্লেখযোগ্য যে আম আদমী পাৰ্টীৰ সদস্য সকলে পাঞ্জাব আৰু হাৰিয়ানা চৰকাৰে ২০০ ইউনিট বিনামূলীয়াকৈ প্ৰদান কৰাৰ দৰে অসমতো বিনামূলীয়া কৰনৰ দাবী জনায়।
আনহাতে মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসৰ নেতৃত্বত কংগ্ৰেছে বৰ্ধিত বিদ্যুৎ মাছুলৰ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *