হত্যাৰ বলি হৈছিল আইআইটি খড়গপুৰত অধ্যয়নৰত অসমৰ ছাত্ৰ ফাইজান আহমেদ।
এই তথ্য নিশ্চিত কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে।
পশ্চিমবংগ আৰক্ষী আৰু আইআইটি খড়গপুৰ কৰ্তৃপক্ষই আদালতত প্ৰদান কৰা তথ্যৰ ভিত্তিত আদালতে কয় যে ফাইজানৰ মৃত্যু আত্মহত্যা নাছিল।
সূত্ৰ অনুসৰি, পৰৱৰ্তী শুনানিত আদালতে অসমৰ ছাত্ৰজনৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে তদন্তকাৰী সংস্থাৰ নাম উল্লেখ কৰিব।
প্ৰণিধানযোগ্য আইআইটিৰ হোষ্টেলতে ৰহস্যজনকভাৱে মৃত্যুৰ বলি হৈছিল ফাইজান আহমেদ নামৰ ছাত্ৰজন।