আটানী ৰাজহ চক্ৰ কাৰ্যলয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তিনি ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী

আটানী ৰাজহ চক্ৰ কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তিনি ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী। আটানী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ অন্তৰ্গত মেদোবালা ৰায় নামৰ এগৰাকী বৃদ্ধ মহিলাৰ ভূমি চক্ৰান্ত মূলক ভাৱে দুগৰাকী শিক্ষক ৰূপী দালাল বাহাদুৰ আলী ছামছুল হকক নামজাৰি কৰি দিয়ে | শিক্ষক ৰূপী দালাল দুজনক গ্ৰেপ্তাৰ দাবীত তিনি ঘণ্টীয়া ঘৰ্মঘট কাৰ্যসূচী পালন।উল্লেখ যে চৌধুৰীৰচৰ গাঁৱৰ বৃদ্ধা মেদোবালা ৰায়ৰ এডোখৰ ভুমি ৰাজহ চক্ৰটোৰ এজন লাট মণ্ডলে চক্ৰান্ত মূলক ভাবে বেলেগৰ নামত নামজাৰি কৰি দিয়ে | আটানী ৰাজহ চক্ৰত ভূমি সংক্ৰান্ত সকলো দুৰ্নীতি বন্ধ কৰা , মাটি নামজাৰি , বাটৱাৰৰ নামত ৰাইজক হাৰাশাস্তি বন্ধ কৰা লগতে কেইবাটাও দাবীক লৈ আজিৰ এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা বুলি জানিব দিয়ে। আজিৰ কাৰ্যসূচীত বিভিন্ন শ্লোগানাৰে কাৰ্যলয়টোৰ চৌহদ উত্তাল কৰি তোলে। ৰাজহ চক্ৰ বিষয়া হুচিয়াৰ, লাঠ মণ্ডলৰ দুৰ্নীতি বন্ধ কৰক, দুখীয়া বিধৱা মহিলাক ন্যায় প্ৰদান কৰক, ভু মাফিয়া হুচিয়াৰ, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *