অইল ইণ্ডিয়া লিমিটেডত অঘটন

অইল ইণ্ডিয়া লিমিটেডত অঘটন । তেল পৰিবাহী পাইপলাইনৰ পৰা সংঘটিত হৈছে খাৰুৱা তেল নিৰ্গমন ঘটনা ।
দুলীয়াজানৰ টিংৰাই চাৰিআলিৰ দলঙৰ সমীপৰ এখন পথাৰত সংঘটিত হৈছে ঘটনা । খাৰুৱা তেল নিৰ্গমন হৈছে তেল সিঁচৰিত হৈ পৰিছে বিস্তৃত অঞ্চল । স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অইল কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । যি কোনো মূহুৰ্তত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা আছে যদিও অইলৰ অগ্নিনিৰ্বাপক বাহিনীয়েই হওক অথবা অন্য বিভাগীয় কৰ্তৃপক্ষক মোতায়ণ কৰা নাই । শেহতীয়াকৈ খাৰুৱা তেল পথাৰত সিঁচৰিত হোৱা ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *