অবৈধ বালি কঢ়িওয়া ডাম্পাৰৰ দৌৰাত্ম অব্যাহত

অবৈধ বালি কঢ়িওয়া ডাম্পাৰৰ দৌৰাত্ম অব্যাহত।তীব্ৰ বেগী ডাম্পাৰ বাগৰি পৰিল পুখুৰীত।
মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিনাই এগৰাকী স্কুলীয়া ছাত্ৰীৰ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুৰ পৰা কথমপী প্ৰাণ ৰক্ষা পৰিল। আনহাতে মৃত্যুৰ পৰা কথমপী ৰক্ষা পৰিল ডাম্পাৰ চালক আবুল কাছেম আৰু ৰাকেছ আলিৰ।
চালক দুজনৰ ঘৰ মৰিগাঁৱৰ তেলাহীৰ নাৰোমাৰি বুলি জানিব পৰা গৈছে।
দুয়োজন চালকৰ লগতে আহত হোৱা স্কুলীয়া ছাত্ৰী গৰাকীক মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে।
আজি বিয়লি মৈৰাবাৰীৰ শগুনবাহীত এটা অবৈধ বালি ভৰ্তি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ এখন পুখুৰীত পৰে।
উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি একাংশ অবৈধ বালি কঢ়িওয়া ডাম্পাৰৰ দৌৰাত্মত বহু কেইজন স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে আহত হৈছে বহু লোক। যদিও কানসাৰ নাই মৈৰাবাৰী প্ৰশাসনৰ।
এনে ডাম্পাৰ আৰু টেক্টৰ চালকৰ বিৰুদ্ধে জিলা পৰিবহন বিভাগৰ লগতে মৈৰাবাৰী আৰক্ষীয়ে কি ব্যবস্থা গ্ৰহণ কৰিব সেয়া হব লক্ষণীয় বিষয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *