উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মাজুলীত

উত্তপ্ত এতিয়া মাজুলী ।মাজুলীৰ বৰগুৰি চাৰি আলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । অতিৰিক্ত উপায়ুক্তৰ বাহনে মহতিয়ালে দুজন ছাত্ৰক ।উপায়ুক্তৰ লগত গৰমুৰলৈ আহি থকা অবস্থাত সংঘটিত হয় এই ঘটনা ।
উল্লেখযোগ্য যে গাড়ী খনত আছিল আৰক্ষীৰ লোক।আৰক্ষীৰ গাড়ী খনৰ পৰা উদ্ধাৰ হৈছে সুৰাৰ বটলো ।ৰাইজে ঘেৰাও কৰি ৰাখিছে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী আৰু আৰক্ষীৰ লোকসকলক।
অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ জনৰ থিতাতে মৃত্যু হয় ।
মলয় নাথ নামৰ দশম মান শ্ৰেণীৰ ছাত্ৰজন গুৰুতৰ ভাৱে আহত ।
বৰ গুৰী ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োজন ।
ঘটনা স্থলীত crpf মোটায়ন হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *