আজিও বিহালীত মাৰ যোৱা নাই অচিন ৰোগৰ আতংক

আজিও বিহালীত মাৰ যোৱা নাই অচিন ৰোগৰ আতংক ৷ এক অচিন ৰোগৰ প্ৰাদূৰ্ভাৱত একেটা পৰিয়ালৰ তিনি গৰাকীকৈ যুৱতী মৃত্যু হোৱাকলৈ চাঞ্চল্য বিহালীত৷ তাৰমাজতে আজি বিহালীৰ ভীমদঙাত স্বাস্থ্য বিভাগে সজাগতা সভা অনুষ্ঠিত কৰিছে৷ উল্লেখ যে ,যোৱা ১১ মে’ তাৰিখত বিহালীৰ ভীমদঙা গাওঁৰ বিৰেণ ঘাটোৱাৰৰ ঘৰলৈ নামি আহিছিল কাল অমানিশা ৷ কোনো অচিন ৰোগত আক্ৰন্ত হৈ একেটা পৰিয়ালৰ তিনি গৰাকীকৈ যুৱতীয়ে অকাল মৃত্যুমূখত পৰে ৷ প্ৰথমে মনিকা ঘাটোৱাৰ দ্বিতীয়তে ৰঞ্জু ঘাটোৱাৰ আৰু দুয়ো ভগ্নীৰ মৃত্যুৰ পিছত অচিনৰোগত আক্ৰান্ত হৈ মৃত্যু হয় লক্ষ্মী ঘাটোৱাৰ আনহাতে বৰ্তমানেও ৰোগত আক্ৰন্ত হৈছে জুনু ঘাটোৱাৰে ৷ সিফালে , জিলা স্বাস্থ্য বিভাগে অচিন ৰোগত আক্ৰান্ত পৰিয়ালটোৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰালৈ প্ৰেৰণ কৰিছিল ৷ ৰিপৰ্ট অনুসৰি –মাজু আই– ৷ কিন্তু ; স্থানীয় গাওঁবাসী পুনৰ পৰীক্ষাৰ দাবী উত্থাপন কৰিছে৷ ৰাইজৰ দাবী সাপেক্ষে জিলা স্বাস্থ্য বিভাগে পুনৰ তেজ পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে বুলি জানিব পৰা গৈছে৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *