গোৰেশ্বৰত দুই IPL জুৱাৰী আটক

গোৰেশ্বৰত দুই IPL জুৱাৰী আটক

ৰাজ্যত ড্ৰাগচৰ দৰে মাৰাত্মক ৰূপত বৃদ্ধি পাইছে IPL জুৱা।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৰেশ্বৰতো IPL জুৱাৰ ৰমৰমীয়া বেহা।

গোৰেশ্বৰৰ বটিয়ামাৰীৰ পৰা আৰক্ষীয়ে আটক কৰে দুই IPL জুৱাৰীক

এক গোপন সূত্ৰৰ পম খেদি বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ SI প্ৰাঞ্জল বৰুৱা আৰু তন্ময় ডেকাই নিশা এক অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় জুৱাৰী দুগৰাকীক।

জুৱাৰী দুগৰাকী ক্ৰমে মণি দাস আৰু দুশাসন নৱ শৰ্মা।

আৰক্ষীয়ে জুৱাৰী দুগৰাকী সহ নগদ ৫১৮০ টকা জব্দ কৰাৰ লগতে কিছু জুৱাৰ আপত্তি জনক সামগ্ৰী উদ্ধাৰ কৰে।

বৰ্তমান জুৱাৰী দুগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

আগন্তুক দিনত অঞ্চলটোত এনেধৰণৰ জুৱা বিৰোধী তীব্ৰ অভিযান অব্যাহত থাকিব বুলি গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাই মন্তব্য কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *