পথৰ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

আমবাগানৰ পৰা কাৱৈমাৰীলৈ যোৱা পথৰৰ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ।এফালে চলিছে পথৰ কাম আনফালে ৰাইজে উদঙাইছে ঠিকাদাৰৰ কামৰ নমুনা।চপাৰ চপৰে খহিছে ব্লেকটেপিং কাৰণ পথ মেৰামতিৰ নামত ঠিকাদাৰ আৰু অভিযন্তাই দিছে ৰাম ঠগন। মাটিৰ ওপৰত ব্লেকটেপিং কৰাত চপৰা চপৰে খহিছে পথচোৱা।
প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১৯২.৩৫ লাখ টকা ব্যয় সাপেক্ষে হব পথটোত চলাইছে চৰম অৰাজগতা।অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ ঠিকাদাৰ মুজ্জামেল হকৰ বিৰুদ্ধে।ঠিকাদাৰ আৰু অভিযন্তাই নিজৰ মুনাফাৰ বাবে পথছোৱাত বিসংগতি কৰি অহাৰ অভিযোগ।বিভাগীয় অভিযন্তাক বাৰম্বাৰ জনোৱাৰ পিছতো কানসাৰ নাই দ্বায়িত্বত থকা অভিযন্তা গৰাকী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *