দালালি কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী গাঁওৰক্ষী বাহিনীৰ সম্পাদক

দালালি কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী গাঁওৰক্ষী বাহিনীৰ সম্পাদক।
ৰক্ষকেই ল’লে এইবাৰ
ভক্ষকৰ ৰূপ । ৰাইজৰ সেৱাৰ বাবে কাম নকৰি ৰাইজৰ পৰাই লুটি খালে ধন।
মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম লোচনাৱৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰুহুল আমীনক মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰুহুল আমিনে আৰক্ষীৰ নামত কৰিছিল ধন দাবী। ধন দাবী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে VDP’ৰ সম্পাদকক।
এটা পথ দুৰ্ঘটনাত আৰক্ষীৰ দ্বাৰা জব্দকৃত দুখন বাইক উদ্ধাৰৰ নামত ভুক্তভোগীৰ পৰা লৈছিল সাত হেজাৰ টকা।
বাইক দুখনৰ মালিকৰ পৰা ৩৫ শ টকাকৈ মুঠ ৭ হেজাৰ টকা লৈছিল ৰুহুল আমিনে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *