বিজনীত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন

বিজনীত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন ।১৮৯০ চনৰ পৰা প্ৰতি বছৰৰ মে মাহৰ পহিলা দিনটোতেই আন্তজাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰি অহা হৈছে।পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বিজনীত CPIMয়ে পালন কৰিছে মে দিৱস। শ্ৰমিক সকলৰ ন্যাৰ্য্যপ্ৰাপ্তিৰ দাবীৰে বিভিন্ন আন্দোলন কৰা হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত প্ৰতি বছৰৰ মে মাহৰ পহিলা দিনটোত বিশ্বজুৰি পালন কৰা হয় মে দিৱস অথাৎ শ্ৰমিক দিৱস । বিশ্ব শ্ৰমিক দিৱস উপলক্ষে বিজনী স্থিত CPIM কাৰ্যালয়ত অনুষ্টুপীয়া কে পালন কৰে মে দিৱস । শ্ৰমিক দিৱস উপলক্ষে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে বিৰেন হালদাৰ। পিছত বিভিন্ন শ্ৰমিক সকলক লৈ এখন সভা অনুষ্ঠিত কৰে । উক্ত সভাৰ সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত শিক্ষক শুখৰঞ্জন বিৰ । আজিৰ এই সভাত বিশিষ্ট লোক সকলে উপস্থিত থাকি শ্ৰমিকৰ স্বাৰ্থত বহুমূলীয়া ভাষণ প্ৰদান কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *