দলংঘাটত কৃষি আৰু গ্ৰামীণ শ্ৰমিকৰ প্ৰতিবাদ

দলংঘাটত কৃষি আৰু গ্ৰামীণ শ্ৰমিকৰ প্ৰতিবাদ।সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাৰ দ্বাৰা আহ্বান জনোৱা ৰাষ্ট্রজোৰা প্রতিবাদী কাৰ্যসূচীৰ অংশহিচাপে বৃহস্পতিবাৰে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ এলেকাধীন দলংঘাটতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ দলংঘাট উন্নয়ণ খণ্ড কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা প্ৰতিবাদকাৰীসকলে “আম্বানীৰ পৃষ্ঠপোষকতা কৰা মোদী চৰকাৰ হায় হায়”, “দুখীয়া শ্রমজীৱী ৰাইজৰ জীৱন-জীৱিকাৰ সংগ্রামত সকলো ৰাইজ এক হওঁক”, “দুখীয়া ৰাইজৰ বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ বুলি ঘোষণা কৰক”, “সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰক”, “উচ্ছেদিত সকলক পুনৰ সংস্থাপন দিয়ক”, “মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক” আদি শ্ল’গানে আকাশ-বতাহ কপাঁই তোলে । কাৰ্যসূচীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্ত উপস্থিত থাকি মোডীৰ বুলড’জাৰ ৰাজত গ্ৰামীণ ভাৰতবৰ্ষৰ মেহনতি ৰাইজে চৰম দুৰ্দশাত দিন কটাইছে বুলি মন্তব্য কৰে ৷ উক্ত কাৰ্যসূচীত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেত্রী আয়েফা বেগম, সন্থাৰ নগাঁও জিলাৰ সম্পাদক স্বপন হাজৰিকা, সন্থাৰ অন্যতম নেত্ৰী উমা পাটৰ, জোনামনি বৰদলৈ, চি পি আই (এম এল) দলৰ দলংঘাট ব্ল’কৰ সম্পাদক মাধৱ বৰাকে ধৰি দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিবাদৰ অন্তত খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে ভাৰতৰ ৰাষ্ট্রপতিলৈ এখন দহ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *