বিজনীত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ।বিজনী ৰাজহ চক্ৰ বিভাগৰ তৰফৰ পৰা বিজনী পৌৰসভাক গ্ৰাম্য এলেকাত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বাবে মাটি আৱন্তন দিয়াত ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।বিজনীৰ ছাৰাগাঁও, মাটিয়াপাৰা আৰু বাঙ্গালঝৰাবাসী ৰাইজে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে কৃষি ভূমিত ডাম্পিং গ্ৰাউণ্ড নচলিব, ইনক্লাব জিন্দাবাদ, ছাৰাগাঁৱৰ পৰা ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰ কৰক আদি শ্লোগান প্ৰদান কৰে।চহৰৰ আৱৰ্জনা জনবসতিপূৰ্ণ এলেকাত আৱৰ্জনা পেলাই বায়ু প্ৰদূষণ কৰা, ওচৰত থকা প্ৰায় তিনিখন বিদ্যালয়ৰ পৰিবেশ বিনষ্ট কৰা, কৃষি প্ৰধান অঞ্চলটোত কৃষিৰ প্ৰতি পেলাব পৰা প্ৰভাৱৰ বাবে উক্ত স্থানত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধীতা কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিজনীৰ মহকুমাধিপতিৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।ৰাইজৰ দ্বাৰা অনুষ্ঠিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ লগতে ভাৰতৰ গণতান্ত্ৰিক ছাত্র ফেডাৰেছন আৰু চিৰাং জিলা তৃণমূল কংগ্ৰেছে সমৰ্থন আগবঢ়ায়।
