চিলাপথাৰত প্ৰচণ্ড ধুমুহা বৰষুণ

চিলাপথাৰত প্ৰচণ্ড ধুমুহা বৰষুণ। ঘৰৰ ওপৰত গছ বাগৰাৰ ফলত এজনৰ মৃত্যু।বিস্তৰ ক্ষতি সাধন।ধেমাজি জিলাৰ চিলাপথাৰত হঠাৎ অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত এন্ধাৰ হৈ পৰিছে দিনৰ ৪ বজাতে সমগ্ৰ অঞ্চল। যাতায়ত কৰা গাড়ী সমূহে লাইট জ্বলাই যাব লগা পৰিবেশৰ সৃষ্টি হৈছে। চিলাপথাৰ নগৰৰ লগতে ভৈৰৱপুৰ, মিচিংপুৰ,মাজৰবাৰী, আদি অঞ্চলত ধুমুহাৰ ফলত গছ গছনি ভাঙি তহিলং কৰে। বহু ঘৰ,দোকান আদিৰ তিনপাত ৰ চালি ধুমুহাই চূৰ্ণ বিচুৰ্ণ কৰি পেলায়। চিলাগাওঁত অজিত বদ্য নামৰ ৪০ বছৰীয়া লোক জনৰ ওপৰত গছ বাগৰি পৰা ফলত সংকট জনক অৱস্থাত হাস্পাতললৈ লৈ যোৱা হয় যদিও লোকজনৰ মৃত্যু হয়।
বৃহত্তৰ অঞ্চলৰ বিভিন্ন ঠাইত বিদ্যুৎ পৰিবাহী তাৰত গছ বাগৰি পৰাৰ ফলত এতিয়াও এতিয়াও বিদ্যুৎ যোগান ব্যাহত হৈ আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *