এক্সন মুডত মৈৰাবাৰী আৰক্ষী

এক্সন মুডত মৈৰাবাৰী আৰক্ষী । পথৰ দাঁতিত যান জট সৃষ্টি কৰা বাহনৰ গৰাকীক দিলে নীতিশিক্ষা।পবিত্ৰ ৰমজান মাহ শেষ হওঁ হওঁ । ৰমজানৰ শেহত ইছলাম ধৰ্মাৱলম্বী লোকৰ এক বছৰৰ অপেক্ষাৰ অন্তত আহিছে পবিত্ৰ ঈদ।বৰ্তমান সময়ত সকলো ব্যস্ত ঈদৰ বজাৰত। ঈদৰ বজাৰ কৰিবলৈ ওলাই আহিছে সকলো।ঈদৰ বজাৰ কৰিবলৈ অহা ৰাইজৰ সুবিধাৰ্থে আজি মৈৰাবাৰী আৰক্ষীয়ে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে বজাৰত।
ৰাস্তাৰ কাষত ৰখাই থোৱা গাড়ী মটৰ,ই ৰিক্সা,পথৰ কাষত অবৈধ বাবে বহা দোকানৰ লগতে অন্যান্য বাহনৰ বাবে ৰাতিপুৱাৰ পৰা মৈৰাবাৰী বজাৰত যান জটৰ সৃষ্টি হোৱাত মৈৰাবাৰী আৰক্ষী সষ্টম হোৱা পৰিলক্ষিত হৈছে।পথৰ কাষত ৰখাই থোৱা কেইবাখনো বাহনৰ গৰাকীক আৰক্ষী বিষয়া গৰাকীয়ে দিছে নীতি শিক্ষা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *