৩৩.২২ শতাংশ বৃদ্ধিৰে এটা বছৰত সংগ্ৰহ হল ৫৫.৫৯ কৌটিতকৈ অধিক টকাৰ ৰাজহ

ৰাজ্যৰ আন কেবাখনো জিলাৰ দৰে আমিনগাঁওস্থিত কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়েও ৩১ মাৰ্চত সামৰণি পৰা ২০২২ -২৩ বিত্তীয় বর্ষত ১২ বছৰত ভৰি দিয়া কাৰ্যালয়টোৰ ইতিহাসত অভিলেখ পৰিমাণৰ ৫৫,৫৯,৩৭,৪৩৯ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে বিগত ২০২১-২২ বৰ্ষত কাৰ্যালয়টোৱে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল প্ৰায় ৪২ কৌটি টকা । অৰ্থাৎ বিগত বর্ষতকৈ এইবাৰ ১৩ কৌটি টকাতকৈ অধিক টকা বেছিকৈ সংগ্ৰহ হৈছে । ৰাজহ বৃদ্ধিৰ পৰিমাণ হল ৩৩.২২ শতাংশ । কামৰূপ জিলাৰ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই জানিবলৈ দিয়া মতে বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ বাবে যি লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল তাৰ প্ৰায় ৯৪ শতাংশ পূৰণ কৰিবলৈ সক্ষম হৈছে । তেনেদৰে কাৰ্যালয়ৰ কৰ্মচাৰীৰ সংখ্যা অতি সীমিত হোৱা স্বত্বেও বিভাগীয় নিৰ্দেশনা অনুসৰি মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ , যানবাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে চলিত বছৰৰ প্ৰথম দিনটোৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ সজাগতা অভিযান আৰম্ভ কৰা হৈছিল । ফলত বাহনৰ গৰাকী সকলে যাবতীয় কৰ আদায় দিয়াত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায় । অবশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বকেয়া কৰ আদায় দিয়া নাই । পহিলা জানুৱাৰীৰ পৰা চলোৱা অভিযানত কাৰ্যালয়ৰ যানবাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক , প্ৰৱৰ্তক চেকাৰে ভাগ লৈছিল । লক্ষণীয়ভাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ এক বিস্তীৰ্ণ অঞ্চল জুৰি বিয়পি থকা কামৰূপ জিলাখনত অতি সীমিত সংখ্যক পৰিদৰ্শক আৰু কৰ্মচাৰীয়ে অতি নিষ্ঠা সহকাৰে দিনে নিশাই কাম কৰা বাবেহে কাৰ্যালয়টোৱে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলি জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই সদৰি কৰিছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *