উত্তৰ-পূৰ্বাঞ্চলৰ গেটৱেত প্ৰৱেশ ক’ৰ ডায়গনষ্টিকছৰ

ক’ৰ (CŌRE) ডায়গনষ্টিকছে আজি উত্তৰ-পূৰ্বাঞ্চলৰ গেটৱে গুৱাহাটীৰ জিএছ ৰোডৰ হোনুৰাম বড়ো পথস্থিত শুভম ভেলোচিটিৰ গ্ৰাউণ্ড ফ্লোৰত এটা ডায়গনষ্টিক পৰীক্ষাগাৰ উদ্বোধন কৰে। এইটো হৈছে ভাৰতৰ আটাইতকৈ উন্নত পৰীক্ষাগাৰ। ক’ৰ ডায়গনষ্টিকছে নতুন দিল্লী, বেংগালুৰু, ভুৱনেশ্বৰ, লক্ষ্ণৌ আৰু বৰ্তমান গুৱাহাটীত উপগ্ৰহ পৰীক্ষাগাৰ স্থাপন কৰিছে, যিটো অত্যাধুনিক সুবিধাৰে সজ্জিত।

ক’ৰ ডায়গনষ্টিকছৰ মুখ্য কাৰ্যবাহী বিষয়া দিনেশ চৌহানে কয়, ‘বৰ্তমান আমাৰ ওচৰত ৮৫০০ ৰো অধিক প্ৰেছক্ৰিপচাৰ আৰু ১০০০ ৰো অধিক গ্ৰাহক আছে, যাৰ ভিতৰত আছে চিকিৎসালয়, ক্লিনিক, ডায়গনষ্টিক লেবৰেটৰী, বেচৰকাৰী সংগঠন, ফাৰ্মাচিউটিকেল কোম্পানী, ৰাজ্য চৰকাৰ আৰু বহুতো।’ তেওঁলোকে বহুতো ৰোগ খণ্ডত পৰীক্ষাও আগবঢ়ায়, যাৰ কিছুমান হৈছে – অংক’লজী (onCŌRE), গাইনোকোলজী (reproCŌRE), গেষ্ট্ৰোএণ্টেৰোলজী (gastriCŌRE), সংৰোপণ (xenoCŌRE), নেফ্ৰোলজী (nephroCŌRE), জেনেটিক্স (geneCŌRE) আৰু ৰুটিন / প্ৰিভেণ্টিভ হেল্থকেয়াৰ (vitaCŌRE) ইত্যাদি।

ক’ৰ ডায়গনষ্টিকছে ২০১২ চনত গুৰুগ্ৰামত তেওঁলোকৰ প্ৰথম পৰীক্ষাগাৰ স্থাপন কৰিছিল, যিটো এনএবিএল আৰু চিএপি স্বীকৃত। এন.এ.বি.এল. হৈছে ভাৰতীয় মানদণ্ড পৰিষদৰ এক উপাদান আৰু চি.এ.পি. হৈছে বিশ্বৰ সৰ্ববৃহৎ সংগঠন, যাক আমেৰিকান ব’ৰ্ড অফ পেথলজীৰ দ্বাৰা প্ৰমাণিত কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *