শনিবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে শম্ভু নাথ সিঙক।
সূত্ৰ অনুসৰি সিঙে ২০১৮ চনৰ পৰা বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ বিনোদ কুমাৰ জৈনৰ ঠাইত ল’ব।
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল শম্ভু নাথ সিং।
অসমৰ শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে নিযুক্তি লাভৰ বাবে অভিনন্দন জ্ঞাপন কৰে।