দ্বিতীয় কৃষি কৰ্মী গ্রুপৰ বৈঠকত প্ৰাথমিক গুৰুত্বৰূপে খাদ্য সুৰক্ষা আৰু পুষ্টিৰ ওপৰত আলোচনা

ভাৰতৰ জি-২০ প্ৰেচিডেন্সিৰ অধীনত কৃষি কৰ্মী গ্রুপৰ (এডব্লিউজি) দ্বিতীয় বৈঠক বুধবাৰে ‘চিটি বিউটিফুল’ত আৰম্ভ হয়। এই তিনিদিনীয়া কৃষি প্ৰতিনিধি বৈঠকৰ প্ৰথম দিনা বিভিন্ন দেশৰ প্ৰতিনিধিসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাদ্য বজাৰৰ বিকাশ সন্দৰ্ভত তেওঁলোকৰ মতামত ব্যক্ত কৰে।

জি-২০ দেশৰ অধীনৰ শ্বেৰ্পা ট্ৰেকৰ প্ৰতিনিধিসকলে সন্মিলনখনত অংশগ্ৰহণ কৰিছে। সন্মিলনৰ উদ্দেশ্য হৈছে কৃষি আৰু খাদ্য সুৰক্ষাৰ বাবে এক বহনক্ষম ভৱিষ্যতৰ দিশত কাম কৰিবলৈ জি-২০ সদস্য দেশসমূহক একত্ৰিত কৰা। কৃষি সম্পৰ্কীয় চাৰিটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। সেইকেইটা হ’ল-খাদ্য সুৰক্ষা, বহনক্ষম কৃষি, সামগ্ৰিক কৃষি মূল্য শৃংখলা আৰু ডিজিটাইজেচন। এই অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পুষ্টিৰ বিষয়ে আলোচনা কৰিবলৈ ১৯ খন সদস্য দেশ, ১০ খন আমন্ত্ৰিত  দেশ আৰু ১০ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধিসকলক একত্ৰিত কৰা হয়।

৩০ মাৰ্চত মিলেটছৰ খাদ্য উৎসৱৰ আয়োজন কৰা হয়, তাৰ পিছত ৩১ মাৰ্চত সুখনা হ্ৰদ আৰু যাদৱীন্দ্ৰ বাগিচাত এক গালা ডিনাৰ অনুষ্ঠিত হয়। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব অভিলক্ষ লিখিয়ে কয়, “জি-২০ৰ মূল উদ্দেশ্য হৈছে খাদ্য সুৰক্ষা আৰু পুষ্টি, জলবায়ুৰ প্ৰতি স্মাৰ্ট দৃষ্টিভংগীৰ সৈতে বহনক্ষম কৃষি, সামগ্ৰিক কৃষি মূল্য শৃংখলা আৰু খাদ্য ব্যৱস্থা আৰু ডিজিটাইজেচনৰ বৰ্তমানৰ প্ৰত্যাহ্বানকলৈ কৃষি পৰিৱৰ্তনৰ বাবে এক সহমত গঢ়ি তোলা।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *