কলিয়াবৰত চোৰাং গাড়ী সহ গৰু জব্দ

কলিয়াবৰত চোৰাং গাড়ী সহ গৰু জব্দ ।চোৰাং গো সৰবৰাহকাৰী সকলে আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে লৈছে নিত্য নতুন কৌশল। চবজি অথবা চিপছৰ কাৰ্টুন নহয় , চোৰাং গো সৰবৰাহকাৰীয়ে এইবাৰ বিশুদ্ধ খোৱা পানীৰ বটলৰ তলত লুকুৱাই আনিলে চোৰাং গৰু । এক গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে থানাৰ সন্মুখত নাকা চেকিং লগাই জব্দ কৰিবলৈ সক্ষম হয় । গোলাঘাট দিশৰ পৰা অহা AS 12 CC 1651 নম্বৰৰ বাহন খনত খোৱাপানীৰ বটলৰ তলত লুকুৱাই আনিছিল ৬ টাকৈ চোৰাং গৰু । ইয়াৰে এটা গৰু মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে । এই সংক্ৰান্তত আৰক্ষীয়ে ২ নং বৰঘুলিৰ কাচেম আলি আৰু নুৰজামাল ইছলাম নামৰ দুই চোৰাং সৰবৰাহকাৰীক আটক কৰিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *