দেশত প্ৰায়েই অত্যাৱশ্যকীয় বস্তুৰ মূল্য বৃদ্ধিয়ে সমস্যাৰ সৃষ্টি কৰাৰ মাজতে শেহতীয়াকৈ ঔষধৰ মূল্য বৃদ্ধিৰ ঘোষণাই সকলোকে চিন্তাত পেলাইছে। জানিব পৰা মতে, অহা ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি হ’ব। ফলস্বৰূপে এতিয়াৰে পৰা মানুহে অত্যাৱশ্যকীয় ঔষধৰ বাবে অধিক ধন ব্যয় কৰিব লগা হ’ব। চৰকাৰে ফাৰ্মাচিউটিকেল কোম্পানীবোৰক বাৰ্ষিক পাইকাৰী মূল্য সূচকৰ (WPI) পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ অনুমতি দিবলৈ সাজু হৈছে।

