দেওবাৰে ছিকিমৰ ছকপায় গাঁৱত হোৱা এক বৃহৎ ভূমিস্খলনৰ ফলত ২০টাতকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হয়, আৰু মংগানৰ পৰা গংটক সংযোগী পথটো উটি যায়।
সূত্ৰৰ পৰা জানিব পৰা মতে, এই স্থানৰ পৰা কোনো ধৰণৰ হতাহতৰ খবৰ পোৱা নাই। ভূমিস্খলন হোৱা স্থানত উদ্ধাৰ অভিযান অব্যাহত আছে।
সৌভাগ্যক্ৰমে দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হোৱা প্ৰথমটো সৰু ভূমিস্খলনৰ পিছতে সতৰ্ক হৈ পৰিছিল স্থানীয় বাসিন্দা সকল। যাৰ বাবে তেওঁলোকে পূৰ্বেই ঘৰ খালী কৰি নিৰাপদ স্থানলৈ গৈছিল।
বাতৰি অনুসৰি এই ভূমিস্খলনত সম্পত্তি আৰু পশুধনৰ ব্যাপক ক্ষতিসাধন হৈছে। সম্পূৰ্ণ ভাঙি পৰিছে দুটা ঘৰ। ইয়াৰ উপৰিও থিয় হৈ থকা শস্যৰ লগতে ১৮টাতকৈও অধিক পৰিয়ালৰ কৃষিভূমিও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।
এই খবৰ পোৱাৰ পাছতে প্ৰশাসনিক বিষয়াসকল সেই স্থানলৈ গৈ ক্ষয়-ক্ষতিৰ বুজ লয়।
ইফালে তিনিটা পৰিয়ালক নিৰাপদ অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। ৰাস্তা-ঘাট, খোৱাপানী যোগান, পশুপালন ডিচপেনচাৰী, আইচিডিএছ চেণ্টাৰ, বিদ্যুতৰ ব্যাপক ক্ষতিসাধন হৈছে।