দুৰ্নীতি নিবাৰকৰ জালত ধিং ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাটমণ্ডল



এইবাৰ দুৰ্নীতি নিবাৰকৰ জালত ধিং ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাটমণ্ডল।

লাটমণ্ডল পিনাকী দেৱনাথক আটক কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে।

জানিব পৰা মতে,ধিং আঠ গাঁও লাটৰ মণ্ডল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল মণ্ডল গৰাকী।

ধিং ৰাজহ চক্ৰ কার্যলয়ত উৎকোচৰ অভিযোগ আছিল দীর্ঘদীনিয়া।

একাংশ লাটমণ্ডলে উৎকোচ নহলে কোনো কাম নকৰাৰ অভিযোগ ৰাইজৰ মুখে মুখে।


আজি মণ্ডল জনে মাটিৰ ট্ৰেন্সমেপৰ নামত উৎকোছ লওঁতে হাতে লুটে গ্ৰেপ্তাৰ হয় দুৰ্নীতি নিবাৰক শাখাৰ জালত।

বৰ্তমান লৈকে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত মণ্ডল গৰাকীক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *