১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব চাংসাৰিৰ নিৰ্মীয়মান এইমছ…

১৪ এপ্ৰিলত অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব চাংসাৰিৰ নিৰ্মীয়মান এইমছ।

বৃহস্পতিবাৰে এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে পুৱা এইমছৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইমছৰ নিৰ্মাণকাৰ্য ইতিমধ্যে ৯০ শতাংশ সম্পূৰ্ণ হৈছে।

হাস্পলাতখনৰ অ’পিডিকে ধৰি ১৮টা বিভাগ এতিয়া প্ৰায় কাৰ্যক্ষম হৈ উঠিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

তেওঁ লগতে জানিবলৈ দিয়া মতে, এইমছৰ ৭৫০ খন বিচনাৰ ভিতৰত এতিয়ালৈকে ১৫০ খন স্থাপন কৰা হৈছে।

উল্লেখ্য যে, অসম চৰকাৰে গিনিজ বুকত অন্তৰ্ভূক্তিৰ লক্ষৰে এইবাৰ আয়োজন কৰা বিহুৰ বিশাল আয়োজনত মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *