হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া প্ৰশ্নকাকত ফাদিল হোৱাৰ বিৰুদ্ধে নামৰূপ আছুয়ে শিক্ষামন্ত্ৰী ,চেবা অধ্যক্ষৰ পুত্তলিকা গছত চিপ দি ওলমাই প্ৰতিবাদ ।পুনৰ বাৰ প্ৰমাণিত হল চেবাৰ দায়িত্বৰ নমুনা।যাৰ বাবে আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰী ৰুনোজ পেগু ,চেবা অধ্যক্ষ ৰমেশচন্দ্ৰ জৈন আৰু নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা গছত চিপ দি ওলমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, অহাকালিলৈ অনুষ্ঠিত হবলগীয়া অসমীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত মবাইলে মবাইলে বিয়পি পৰাৰ পিছতে আছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নামৰূপ সোনাৰী তিনিআলিত শিক্ষামন্ত্ৰী ৰুনোজ পেগু,চেবা অধ্যক্ষ ৰমেশচন্দ্ৰ জৈন আৰু নয়নজ্যোতি শৰ্মা পুত্তলিকা গছত চিপ দি ওলমাই চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
