অভিনেতা সতীশ কৌশিকৰ দেহাৱসান
এইটো অতি বেয়া খবৰ ওলাইছে বলীউডৰ পৰা। বলীউডৰ প্ৰখ্যাত অভিনেতা তথা পৰিচালক সতীশ কৌশিক আজি পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। এই বিষয়ে তথ্য দি তেওঁৰ অতি ঘনিষ্ঠ বন্ধু অনুপম খেৰে লিখিছে যে ৪৫ বছৰীয়া বন্ধুত্ব আজি সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। সতীশৰ অবিহনে জীৱনটো আৰু কেতিয়াও আগৰ দৰে হৈ নাথাকিব।
১৯৫৬ চনৰ ১৩ এপ্ৰিলত হাৰিয়ানাৰ মহেন্দ্ৰগড়ত জন্মগ্ৰহণ কৰা সতীশ কৌশিকে ১৯৮৩ চনৰ ‘মাছুম’ ছবিত অভিনয়ত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ প্ৰায় ১০০খন ছবিত কাম কৰিছিল। ১৯৯৩ চনত ‘ৰূপ কি ৰাণী চোৰন কা ৰাজা’ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ পৰিচালনাৰ জগতখনত ভৰি দিয়ে আৰু প্ৰায় এক ডজন ছবি পৰিচালনা কৰে।
