বিশ্বনাথৰ বাঘমাৰী চেণ্টাৰত পেটিকোট আৰু চেণ্ডেলৰ মালা পিন্ধি প্ৰতিবাদ এজন যুৱকৰ

বাল্যবিবাহ নামত নীৰিহ মহিলাক নিৰ্যাতন কৰা বুলি বিশ্বনাথৰ বাঘমাৰী চেণ্টাৰত পেটিকোট আৰু চেণ্ডেলৰ মালা পিন্ধি প্ৰতিবাদ৷ উল্লেখযোগ্য যে
বিশ্বনাথৰ বাঘমাৰীত বাল্য বিবাহৰ কথাকলৈ প্ৰতিবাদ এজন ব্যক্তিৰ ।মতিন আলি নামৰ ব্যক্তি জনে ডিঙিত ছেণ্ডেল ওলোমাই, পেটিকোট পিন্ধি বাল্য বিবাহৰ নামত অবৈধ স্বামীৰ নামত নীৰিহ নাৰী জাতিক নিৰ্যাতন কৰা বুলি প্ৰতিবাদ কৰে চৰকাৰৰ বিৰুদ্ধে৷ বাল্য বিবাহ বন্ধ হব লাগে কিন্ত এনেদৰে হঠাৎ এই আইন প্ৰয়োগ কৰি সাধাৰণ অশিক্ষিত ৰাইজক হাৰাশাস্তি কৰাত প্ৰতিবাদ মতিন আলি নামৰ ব্যক্তিজনৰ ৷ গ্ৰেপ্তাৰ হোৱা নীৰিহ স্বামীসকলক শীঘ্ৰেই এৰি দিবলৈ অনুৰোধ জনাই নহ’লে ৰাইজে লগ নিদিলেও অকলে তীব্ৰভাবে আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে৷ আৰু কয় যে বাল্যবিবাহ সম্পৰ্কে সজাগতা অনাৰ দায়িত্ব চৰকাৰ আৰু দল সংগঠনৰ দায়িত্ব আছে তেতিয়াহে বাল্যবিৱাহ বন্ধ হব৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *