গোৰেশ্বৰত ৰাজ্যিক বিজেপি সভাপতি ভবেশ কলিতাই শুভ উদ্বোধন কৰিলে ৯টাকৈ পকী পথ।

গোৰেশ্বৰত ৰাজ্যিক বিজেপি সভাপতি ভবেশ কলিতাই শুভ উদ্বোধন কৰিলে ৯টাকৈ পকী পথ।

১৪কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি শুভ উদ্বোধন কৰে পকীপথ সমূহ।

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনৰ RIDF XXIV আঁচনি আৰু ৰাজ্যিক স্ব -অগ্ৰাধিকাৰ উন্নয়ন শিতানৰ পৰা ৯ টাকৈ বৃহৎ পকী পথ উদ্বোধন কৰে।

গোৰেশ্বৰ অঞ্চলৰ অন্তৰ্গত বহু ঠাইৰ কেইবাটিও মূলপথৰ বিস্তৰ ক্ষতিসাধন হোৱাত স্থানীয় ৰাইজৰ যাতায়ত যোগা-যোগৰ ক্ষেত্ৰত বহু খিনি সমস্যা তথা অসুবিধাৰ সন্মুখীন হৈছিল ৰাইজে

সেই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সুবিধাৰ্থে যাতায়ত আৰু যোগাযোগ ব্যবস্থাক সুচল কৰি তোলাৰ লক্ষ্যৰে আজি পকী পথ নিৰ্মাণ কৰি ৰাইজক অহা যোৱাৰ সুবিধা কৰি দিয়ে ৰাজ্যিক বিজেপি সভাপতি গৰাকীয়ে।
ৰাইজৰ বাবে মুঠ ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৯ টা পকী পথ উদ্ধোধন কৰা পথ সমূহ বগলচ ৰোডৰ(কেন্দুকোনা ৰেল গেটৰ পৰা কৰ্ত্তাখাত,কৰ্ত্তাখাতৰ পৰা কানিকুছিলৈ
ৰঙিয়া-হাজো সংযোগী ৰাস্তাৰ কৰ্ত্তাখাতৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ(চেপ্তিলৈ),গোৰেশ্বৰৰ বৰঘুলী পথৰ পৰা চেচা পাৰ সংযোগী পথলৈ,গোৰেশ্বৰ বাইহাটা পথৰ পৰা বেঙেনাহাটী চুবুৰীলৈ সংযোগী পথ,জ্যোতি নগৰ পৰা দলংদিয়া হৈ বেতনা গোৰেশ্বৰ বাইহাটা পথলৈ সংযোগী পথ,বইটি মাৰী চকৰ পৰা দয়াল ভৌমিকৰ ঘৰলৈ,গোৰেশ্বৰ জ্যোতিনগৰৰ পৰা গোঁসাই হাউলী পথছোৱা বেতনা হাজাল পাৰা পথৰ পৰা নৰা মাৰি ছিলকীঝাৰলৈ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *