আৰক্ষীৰ চকুৰ সন্মুখত জুৱাৰ মুকলি বেহা ৷ মিনাবজাৰৰ নামত জুৱাৰ বেহা চলাৰ কথা আছুৱে টুইটাৰ যোগে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানক অৱগত কৰাৰ লগে লগেই ADGPৰ নিৰ্দেশত আৰক্ষীয়ে উৎখাত কৰিলে জুৱাৰ ঘাটি ৷ আছু নেতাৰ এটা টুইতত থৰকাচুটি হেৰুৱাই জুৱাৰ ঘাটি উৎখাত কৰিবলৈ বাধ্য হ’ল ঢেকিয়াজুলি আৰক্ষী ৷
আটক পাচটা জুৱাৰী ৷
শোনিতপুৰৰ ঢেকিয়াজুলি এতিয়া হৈ পৰিছে জুৱাৰ কেন্দ্ৰ স্থলি ৷ আৰক্ষীৰ নাকৰ তলত গোপন বুজাবুজিৰে বিভিন্ন প্ৰান্তত চলি আহিছে জুৱাৰ মুকলি বেহা ৷ আনহাতে বিগত তিনিদিনে ঢেকিয়াজুলিৰ গাধাজুলিত মিনাবজাৰৰ নামত মুকলিকৈ চলিছে জুৱা ৷ ঢেকিয়াজুলিৰ আছু কৰ্মীয়ে ADGP G.P SINGH ক টুইটাৰ যোগে বিষয়টো অৱগত কৰাৰ লগেলগে ঢেকিয়াজুলি আৰক্ষীয়ে উপায়ন্তৰ হৈ ADGPৰ নিৰ্দেশত যোৱা নিশা আৰক্ষীয়ে মিনাবজাৰৰ জুৱাৰ ঘাটি কৰিলে উৎখাত ৷ আছু নেতাৰ এটা টুইতে থৰকাচুটি হেৰুৱাই জুৱাৰ ঘাটি উৎখাত কৰিবলৈ বাধ্য হ’ল ৷ আতক হ’ল ৫ টা জুৱাৰি ৷ লগতে নগদ ২২ হাজাৰ ৩০০.৮০ টকা , জুৱাখেলৰ সামগ্ৰী , এখন স্কুটি জব্দ কৰিলে আৰক্ষীয়ে ৷ ঢেকিয়াজুলি আৰক্ষীথানাৰ সমিপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰক্ষীৰ চকুৰ সন্মুখতে চলিছিল মিনাবজাৰত জুৱাৰ আদ্দা ৷ এতিয়া জুৱাৰ কেন্দ্ৰস্থলত পৰিনত হৈছে ঢেকিয়াজুলি ৷ শোনিতপুৰৰ আৰক্ষীৰ নিৰৱ ভূমিকাত চকু কপালত উঠিছে স্থানীয় ৰাইজৰ ৷
