চীন, আমেৰিকা, জাপানকে ধৰি বিশ্বৰ বহুতো দেশত কোৰোনা সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আইএমএ) এক সতৰ্কবাণী জাৰি কৰিছে। আইএমএ-এ সকলো লোকক কোৰোনা প্ৰটোকল অনুসৰণ কৰিবলৈ আহ্বান জনাইছে।
আই.এম.এ.-য়ে কৈছে যে বৰ্তমান ভাৰতৰ পৰিস্থিতি উদ্বেগজনক নহয়, সেয়েহে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। সকলোৱে কেৱল প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিব লাগিব। তেওঁলোকে কিছুম নিৰ্দেশনা জাৰি কৰিছে যিবোৰক অনুসৰণ কৰিবলৈ আবেদন কৰা হৈছে। আইএমএ-য়ে কৈছে যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত শক্তিশালী আন্তঃগাঁথনি, সমৰ্পিত চিকিৎসা জনশক্তি, চৰকাৰৰ পৰা সক্ৰিয় নেতৃত্বৰ সমৰ্থন, পৰ্যাপ্ত ঔষধ আৰু ভেকছিনৰ উপলব্ধতাৰ সৈতে, ভাৰতে অতীতৰ দৰে যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে জৰুৰীকালীন ঔষধ, অক্সিজেন যোগান আৰু এম্বুলেন্স সেৱা প্ৰদান কৰাৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰি ২০২১ চনত দেখা এনে যিকোনো পৰিস্থিতিৰ বাবে প্ৰস্তুতি বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে ইয়াৰ ৰাজ্যিক আৰু স্থানীয়ৰ পৰামৰ্শ জাৰি কৰিছে।
আইএমএ-এ জাৰী কৰা পৰামৰ্শ
- সকলো ৰাজহুৱা স্থানত ফেচ মাস্ক ব্যৱহাৰ কৰিব লাগিব।
- সামাজিক দূৰত্ব বজাই ৰাখিব।
- চাবোন আৰু পানী বা চেনিটাইজাৰেৰে নিয়মীয়াকৈ হাত ধুব।
- ৰাজহুৱা সমাৱেশ যেনে বিবাহ, ৰাজনৈতিক বা সামাজিক সভা আদি পৰিহাৰ কৰিব লাগে।
- আন্তৰ্জাতিক ভ্ৰমণ পৰিহাৰ কৰক।
- যদি আপোনাৰ জ্বৰ, ডিঙিৰ বিষ, কাহ আদিৰ দৰে লক্ষণ থাকে তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লওঁক।
- আপোনাৰ ক’ভিড টিকাকৰণ যিমান সম্ভৱ সোনকালে সম্পন্ন কৰক, যাৰ ভিতৰত আছে সাৱধানতামূলক পালি।
- সময়ে সময়ে জাৰী কৰা চৰকাৰী পৰামৰ্শ অনুসৰণ কৰক।
