অসমৰ দূৰ্য্যোগগ্ৰস্ত লোকসকলৰ কল্যাণ আৰু পুণৰ্সংস্থাপনৰ বাবে লোৱা চিডছৰ ব্যৱস্হাৱলী

চিডছ-‘দুৰ্য্যোগ সহাৰি আৰু ব্যৱস্থোপনা’ৰ কামত নিয়োজিত এক এটা প্ৰখ্যাত মানৱতাবাদী সংগঠন; আজি এই সংস্থাটোৱে  ‘দূৰ্য্যোগ পৰোপকাৰ কেন্দ্ৰ(CDP)ৰ সতে ইয়াৰ অংশীদাৰিত্ব ঘোষণা কৰিছে। আৰু লোকহিতকৰ পৰামৰ্শ, বিদ্যায়তনিক সমল আৰু স্থানীয় দূৰ্য্যোগ পুঁজিৰ জৰিয়তে   সহযোগীতাৰে প্ৰান্তীয় আৰু বিপদৰ আশংকা থকা লোকসকলৰ দূৰ্য্যোগৰ প্ৰভাৱৰ পৰিমাণ হ্ৰাস কৰিবলৈ সংকল্প লয়।

বিগত ২৮ বছৰে, চিডছ-এ ভাৰতবৰ্ষৰ বহু ৰাজ্যত গৰিষ্ঠসংখ্যক আটাইতকৈ উপেক্ষিত জনসংখ্যাৰ সামৰ্থবৰ্ধনৰ জৰিয়তে দূৰ্য্যোগৰ প্ৰতি সহনশীলতা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ হৈ কাম কৰি আছে।এই সহযোগিতাই দুয়োটা সংগঠনৰ মূল উদ্দেশ্যক আগবঢ়াই নি আটাইৰে ভৱিষ্যত সুৰক্ষা কৰিবলৈ সক্ষম হব।

চিডিপি, আন্তৰাষ্ট্ৰীয় ফাণ্ড-ৰ সঞ্চালক, এলেক্স গ্ৰেই কৈছে-‘চি.ডি. এছৰ সৈতে চিডিপিৰ এই সহযোগীতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই আজি মই অত্যন্ত সুখী। এই  অংশীদাৰিত্বৰ লক্ষ্য হব-অসমৰ কাছাৰ জিলাৰ

বানপীড়িত সম্প্ৰদায়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মানৰ বাবে এখন মঞ্চ প্ৰদান কৰা। আমাৰ সন্মিলিত প্ৰচেষ্টাৰ দ্বাৰা আমি প্ৰভাৱিত সম্প্ৰদায়সমূহৰ সক্ষমতা শক্তিশালী কৰা আৰু বিপদাশংকা হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছো; লগতে দূৰ্য্যোগগ্ৰস্ত সকলৰ প্ৰত্যেকৰে ভৱিষ্যত অধিক সুৰক্ষিত বুলি সুনিশ্চিত কৰা  ।

বাৰে বাৰে হোৱা স্থানান্তৰ, গুৰুত্বপূৰ্ণ আন্তঃগাথনিত কম বিনিয়োগ আৰু সম্পদৰ অভাৱৰ বাবে, দূৰ্বল সম্প্ৰদায়ৰ লোকসকল জলবায়ু পৰিৱৰ্তন আৰু দূৰ্য্যোগৰ দ্বাৰা অসামঞ্জস্যপূৰ্ণভাৱে প্ৰভাৱিত হয়। এই সহযোগিতাই অসমৰ কাছাৰ জিলাৰ বানপীড়িত

সম্পদ পুনৰদ্ধাৰ কৰাৰ বাবে আৰু ভৱিষ্যতৰ দূৰ্য্যোগৰ সমুখীন হ’বলৈ সম্প্ৰদায়টোক পূৰ্বৰ পৰাই প্ৰস্ত্তত কৰাৰ ক্ষেত্ৰত অনুঘটকৰ কাম কৰিব।                                                                                                                              

ক্ষতিগ্ৰস্ত সম্প্ৰদায়টোৰ মাজলৈ গৈ চীডছে বিদ্যালয়সমূহৰ ক্ষয়-ক্ষতিৰ মূল্যায়ণ কৰিব আৰু সেইবোৰ পুনৰ নিৰ্মাণ  কৰিব। দূৰ্য্যোগ সহাঁৰিৰ বাবে প্ৰতিষ্ঠানগত সক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰশিক্ষণ, পৰিকল্পনা আৰু নিয়মীয়া সুৰক্ষা অনুশীলনৰ জৰিয়তে দূৰ্য্যোগ আৰু বিপদাশংকা হ্ৰাসকৰণ পদ্ধতিৰ বিষয়ে প্ৰচাৰ কৰিব। ইয়াৰোপৰি, তেওঁলোকৰ মাজত বহনক্ষম পানী ফিল্টাৰ প্ৰদান কৰিব, যিবোৰ থলুৱা পদ্ধতিৰে পৰিচালনা কৰিব পাৰি। ফলত, তেওঁলোক আনৰ  সহয়ৰৰ বাবে আশাপালি নাথাকি, স্ব-নিৰ্ভৰশীল হবলৈ শিকিব।

চিডছৰ সহ-প্ৰতিষ্ঠাপক ড. মনু গুপ্তাই কয়, “এই অংশীদাৰীত্ব হৈছে পৰিস্থিতিটোৰ পৰা পুনৰুদ্ধাৰ আৰু স্থানান্তৰৰ জড়িয়তে স্থিতিস্থাপকতা গঢ়ি তোলালৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কাৰ্য্যসূচীৰ মূল উদ্দেশ্য হৈছে-জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা পৰিৱৰ্তনশীল বিপদাশংকাৰ দৃশ্যপটত কাছাৰৰ সম্প্ৰদায়বোৰক খাপ খুৱাই তোলা আৰু সহায় কৰাৰ বাবে সামৰ্থ গঢ়ি তোলা।“

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *