প্ৰতিভাৰে উজ্বলি উঠিছে নাজিৰাৰ এগৰাকী কণমানি

প্ৰতিভাৰে উজ্বলি উঠিছে নাজিৰাৰ এগৰাকী কণমানি

নাজিৰা ৮ নং ৱাৰ্ডৰ বাসিন্দা চৈয়দ মৈনুৰ ৰহমান আৰু চৈয়দা নাফিয়া হকৰ সু-যোগ্য কন্যা চৈয়দা নাবিহা ৰহমানে ১১ বছৰ বয়সতে উজলি উঠিছে বৰ্ণিল প্ৰতিভাৰে। ৪ বছৰ বয়সৰ পৰাই কনমানী জনীয়ে কৰা অবোধ প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ ফলত নাজিৰা অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছাত্ৰী গৰাকীয়ে যোৱা কালিৰ দিনটোত চৈয়দ কৈলাণ ন্যাসে আয়োজন কৰা Culture , Education আৰু sport’s প্ৰতিযোগিতাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতা খনিত পুৰস্কাৰ হিচাপে কনমানী জনীয়ে লাভ কৰে নগত ২৫,০০০ হাজাৰ টকাৰ এখনি চেকৰ লগতে এটা ট্টফী। ছাত্ৰী গৰাকীয়ে মাত্ৰ এই ১১ বছৰ বয়সতে আয়ত্ব কৰিছে জিকিৰ, বৰগীত, কবিতা, কেৰাটে কে আদি কৰি বহুতো শিল্প-সাধনা আৰু সাংস্কৃতিক দিশ। নিজ কন্যাৰ এই সাফল্যত হাঁহি বিৰিঙিছে নিজ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *