দৰঙত বগা ইউৰিয়া সাৰ ক’লা বজাৰত বিক্ৰী !
ব্ৰহ্মপুত্ৰৰ পাৰ ঘাটৰ পৰা জব্দ ৫৪ কুইন্টল ইউৰিয়া সাৰ ।
মৰিগাঁও নগাঁও লৈ চোৰাংকৈ ইউৰিয়া সাৰ বিক্ৰী হোৱাৰ সন্দেহ ।
দৰঙত ইউৰিয়া সাৰ বিচাৰি কৃষক সকলে হাহাকাৰ কৰিছে । কৃষক সকলে নিজৰ এলেকাত ইউৰিয়া সাৰ নাপাই যাবলগীয়া হৈছে বহু দূৰ দুৰণিলৈ । সেই সুযোগ গ্ৰহণ কৰি একাংশ দুষ্ট চক্ৰই ভূৱা কৃষকৰ নামত ক’লা বজাৰৰ সৃষ্টি কৰিছে । যোৱা নিশা শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইচৰ পাৰ ঘাটলৈ ইউৰিয়া সাৰ ভৰ্তি মালবাহী বলেৰো বাহন গৈ থকা অৱস্থাত চোৰাং সাৰৰ সন্দেহত বাহন দুখন জব্দ কৰে দৰং জিলা খুচুৰা সাৰ ব্যৱসায়ী সন্থাই । বাহন দুখনত ১২০ বস্তা ইউৰিয়া সাৰ আছিল । ১২০ বস্তা অৰ্থাৎ ৫৪ কুইন্টল ইউৰিয়া সাৰ সহ বাহন দুখন শ্যামপুৰ আৰক্ষীক গতাই দিয়ে সন্থাটোৱে । অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে পাইকাৰী বিক্ৰী বন্ধ কৰি অসম কৃষি সামগ্ৰী বিপনন পৰিষদৰ জৰিয়তে খুচুৰা বিক্ৰেতা সকলক বিক্ৰী স্থানত সাৰ যোগান ধৰাৰ সিদ্ধান্ত কৰিছিল । চৰকাৰী নিয়ম অনুসৰি ৩১ অক্টোবৰ তাৰিখলৈ পাইকাৰী বিক্ৰী বন্ধ কৰে অসম চৰকাৰে । বৰ্তমান পৰিস্থিতিত খুচুৰা বিক্ৰেতা সকলে সাৰ যোগান নোপোৱাৰ বাবে কৃষকক যোগান ধৰিব পৰা নাই ইউৰিয়া সাৰ । যাৰ ফল স্বৰূপে জিলা খনৰ খুচুৰা বিক্ৰেতা সকলৰ ওচৰত ইউৰিয়া সাৰ বিচাৰি হাহাকাৰ কৰিছে বিভিন্ন অঞ্চলৰ কৃষক সকলে ।। দুষ্ট চক্ৰ সমূহে ক’লা বজাৰৰ সৃষ্টি কৰি চৰকাৰৰ ৰেহাই মূল্যৰ ইউৰিয়া সাৰ বিক্ৰী কৰি আহিছে অধিক দামত । উল্লেখযোগ্য যে , দীৰ্ঘ দিনৰ পৰা দৰঙৰ পৰা মৰিগাঁও নগাঁও লৈ চোৰাংকৈ ইউৰিয়া সাৰৰ ব্যৱসায় চলি থকাৰ সন্দেহ সচেতন মহলৰ । দৰং জিলা আৰক্ষী তথা কৃষি বিভাগে সঠিক তদন্তৰ জৰিয়তে প্ৰকৃত সত্য উদঘাটন কৰিবলৈ আৰু চোৰাংকৈ যাতে ইউৰিয়া সাৰ বিক্ৰী নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে দৰং জিলা খুচুৰা সাৰ ব্যৱসায়ী সন্থাই ।

