ধূলা আঞ্চলিক আমছুৰ মহানুভৱতা

ধূলা আঞ্চলিক আমছুৰ মহানুভৱতা

অনাহাৰে থকা পৰিয়ালক সা-সামগ্ৰী যোগান আমছুৰ।
সোমবাৰে দৰঙৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত গৰাপৰি গাঁৱত এক অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত ৬ টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণকৈ জুইত ভস্মীভূত হয়। গৃহহাৰা হোৱা পৰিয়ালৰ মাজত নামি আহিছে বহু যন্ত্ৰণা। খাবলৈ নাই খাদ্য, পিন্ধিবলৈ নাই কাপোৰ, থাকিবলৈ নাই ঘৰ। সকলো জুইত পুৰি চায় হয় যায়। অৱশেষত মঙলবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা আমছুৰ ধূলা আঞ্চলিক সমিতিৰ উদ্যোগত দৰিদ্ৰ পৰিয়ালটিৰ মাজত সহায়ৰ হাত আগবঢ়াই। পৰিয়ালৰ সৰু বৰ সকলোকে বিভিন্ন ধৰণৰ কাপোৰ, খোৱা খাদ্য সামগ্ৰী আদি প্ৰদান কৰে। এই ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰে খাৰুপেটীয়া বাজাজ ডিলাৰৰ স্বত্বাধিকাৰ আব্দুল হামিদ । কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি আব্দুৰ ৰহমান বিশ্বাস, স্বত্বাধিকাৰ আব্দুল হামিদ, দৰং জিলা আমছুৰ সহকাৰী সাধাৰণ সম্পাদক সাজাহান আলি, ধূলা আমছুৰ সভাপতি ফাৰুক আহমেদৰ লগতে আমছুৰ কৰ্মী সকল। জুইত ক্ষতি গ্ৰস্ত হোৱা পৰিয়ালৰ খবৰ লবলৈ কোনো জনপ্ৰতিনিধি নহাৰ বাবে ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ নেতা আব্দুৰ ৰহমান।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *